উত্তৰ পূৱ উন্নয়ন ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত বহু-বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়সমূহৰ বাবে প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত এখন দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে। কর্মশালাখন মুকলি কৰি নিজৰ ভাষণত ৬০ মজুমদাৰে কয়, যে বৰ্তমানৰ নতুন শিক্ষানীতিয়ে যুৱ প্ৰজন্মক আধুনিক মানসিকতাৰে গঢ়ি তোলাৰ লগতে শিক্ষা প্রতিষ্ঠানসমূহকো আধুনিক কৰি তুলিছে আৰু প্ৰাচীন জ্ঞানক নতুন উদ্ভাৱন ব্যৱস্থাৰ সৈতে সংযোজিত কৰিছে। তেওঁ লগতে কয়, যে নতুন শিক্ষানীতি ২০২০ ৰ উদ্দেশ্য হৈছে ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক কৌশল আৰু জ্ঞানৰ জৰিয়তে বিশ্বৰ দৰবাৰত বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ গঢ় দিয়া । এই কৰ্মশালাৰ জৰিয়তে ৬৪ খন বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষসকলৰ লগতে উচ্চ শিক্ষা বিভাগৰ ৰাজ্যিক প্ৰকল্প সঞ্চালকসকলে পঠিওৱা প্ৰকল্প বিষয়াসকলে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিত্তীয় সাহায্যৰ জৰিয়তে নতুন শিক্ষানীতিৰ উপাদানসমূহ কিদৰে প্রয়োগ কৰিব পৰা যায় এই বিষয়ে পৰামৰ্শ আগবঢ়াব। উচ্চ শিক্ষা বিভাগৰ সচিব ড০ বিনিত যোশী, শিক্ষা বিভাগৰ অতিৰিক্ত সচিব সুনিল কুমাৰ বাৰনৱাল প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি আৰু বিশ্বদ্যালয়সমূহৰ উপাধ্যক্ষসকল এই অনুষ্ঠানত উপস্থিত থাকে ।
Site Admin | April 30, 2025 8:51 PM | Dr. Sukant Mazumdar
প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ
