August 21, 2024 2:48 PM

printer

পাকিস্তানৰ পৰা ইৰাকৰ ধৰ্মীয় স্থানলৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ২৮ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ পৰা ইৰাকৰ ধৰ্মীয় স্থানলৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ যোৱা নিশা ইৰাণত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও ২৮ গৰাকী লোকে প্ৰাণ হেৰুৱায়। ইৰাকৰ আৰবাইন উৎসৱত ভাগ ল’বৰ বাবে ৰাওনা হোৱা বাছখনত ছিয়া ধৰ্মীয় মতত বিশ্বাসী ৫১ গৰাকী যাত্ৰী আছিল। আনহাতে ছিস্তান তথা বালুছিস্তানত আজি নিচেই পুৱাতে সংঘটিত এটা সুকীয়া পথ দুৰ্ঘটনাত আন ছজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ জন লোক আহত হয়।