কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি অলপতে পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত হোৱা নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বাসিন্দাসকলৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে বৰ্তমানৰ ৯০ হাজাৰ বাংকাৰৰ উপৰি সীমান্তবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্তভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গোলাবর্ষণৰ ফলত নিহত হোৱা লোকৰ নিকটাত্মীয়লৈ নিযুক্তিপত্ৰ বিতৰণৰ বাবে পুঞ্চ জিলাত আয়োজিত কাৰ্যসূচীত সম্বোধন কৰি গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে জিলা প্ৰশাসনে ইতিমধ্যে ক্ষতিগ্রস্ত অঞ্চলসমূহত সবিশেষ মূল্যায়ন কৰি আছে। কেন্দ্ৰীয় চৰকাৰে দুৰ্গত লোকৰ পৰিয়াললৈ সকলো ধৰণৰ সহযোগিতা প্ৰদান কৰিব। তেওঁ কয় যে ভাৰতীয় সেনাবাহিনীয়ে চলোৱা অপাৰেচন সিন্দূৰ অভিযানৰ ফলত সীমান্তৰ সিপাৰত নিৰ্ধাৰিত লক্ষ্যত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰে। শ্ৰীশ্বাহে কয় যে এই অভিযান পাকিস্তানৰ নিৰাপত্তা বাহিনী অথবা জনসাধাৰণৰ বিৰুদ্ধে চলোৱা হোৱা নাছিল, এই অভিযান কেৱল সন্ত্ৰাসবাদীৰ শিবিৰক লক্ষ্য কৰি চলোৱা হৈছিল। তেওঁ লগতে কয় যে ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে জম্মু- কাশ্মীৰৰ অসামৰিক অঞ্চলসমূহলৈ লক্ষ্য কৰি গোলাবর্ষণ কৰে। শ্ৰীশ্বাহে কয় যে ২০১৪ চনৰ পৰা এই অঞ্চলটোত আৰম্ভ হোৱা উন্নয়নমূলক কাম-কাজসমূহ অব্যাহত থাকিব। নিৰাপত্তা বাহিনীসমূহে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলিও তেওঁ প্ৰকাশ কৰে।
Site Admin | May 30, 2025 8:43 PM | Amit Shah J&K
পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বাসিন্দালৈ কেন্দ্ৰৰ বিশেষ পেকেজ ঘোষণা
