গৃহ মন্ত্ৰালয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এক অৰ্পণ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে সংস্থাটোৱে এতিয়া এই সন্ত্রাসবাদী আক্ৰমণৰ আনুষ্ঠানিক তদন্ত কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় তদন্তৰ দলে আক্রমণ স্থলী পৰিদৰ্শন কৰিছিল। যোৱা ২২ এপ্ৰিলত পহলগামৰ বেইচৰন বনাঞ্চলত সংঘটিত এই আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল।
Assamese | April 27, 2025 11:26 AM | NIA
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এক অৰ্পণ