ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৃঢ়তা প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি দৃঢ়তাৰে কয়। আজি দিনৰ এঘাৰ বজাত প্ৰচাৰ হোৱা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীয়ে চলিত মাহৰ ২২ তাৰিখে জম্মু-কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্রমণ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি এইদৰে কয়। তেওঁ কয়, যে এই আক্ৰমণৰ দ্বাৰা আক্রমণকাৰীসকলে কাপুৰুষালীৰ পৰিচয় দিছে। তেওঁ কয়, যে কাশ্মীৰ উপত্যকাত শান্তি ঘুৰি অহা, দেশত গণতন্ত্র শক্তিশালী হোৱা আৰু কাশ্মীৰৰ ভূমিত পর্যটক বৃদ্ধি হোৱা কথাত ভাৰত তথা কাশ্মীৰৰ শত্ৰুসকল আনন্দিত হোৱা নাছিল। প্রধানমন্ত্রীয়ে কয়, যে সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদৰ মূল পৰিকল্পনাকাৰীসকলে ষড়যন্ত্র ৰচনা কৰিছিল যাতে কাশ্মীৰক পুনৰ ধবংস কৰিব পাৰি। শ্ৰীমোদীয়ে এই সন্ত্রাসবাদৰ বিৰুদ্ধে দেশৰ জনতা এক হোৱাৰ লগতে বিশ্বৰ ১৪০ খন দেশে ভাৰতৰ প্রতি সহমর্মিতা প্রকাশ কৰাটোৱে এটা ডাঙৰ শক্তি বুলি অভিহিত কৰে। তেওঁ কয়, যে দেশৰ জনসাধাৰণে সন্ত্রাসবাদৰ বিৰুদ্ধে একেমুখে যুঁজ দিবলৈ সংকল্প লোৱাটোৱে এই একতাৰ ভেঁটি। প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে এই সংকল্প আৰু অধিক শক্তিশালী কবি তোলাৰ প্ৰয়োজনীয়তা আছে বুলি প্রধানমন্ত্রীগৰাকীয়ে প্ৰকাশ কৰি কয়, যে প্ৰৱল ইচ্ছাশক্তিয়েহে এটা জাতি হিচাপে একতাৰ প্ৰদৰ্শন কৰিব পাৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।