ডাউনলোড
মোবাইল এপ

android apple
signal

পহলগামত অচিনাক্ত সন্ত্রাসবাদীৰ আক্ৰমণত কেইবাগৰাকী পৰ্যটকৰ হতাহত

জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত আজি অচিনাক্ত সন্ত্রাসবাদীৰ এটা গোটে পৰ্য্যটকৰ ওপৰত আক্ৰমণ চলায়। শ্ৰীনগৰৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ নিলগৰ পহলগামৰ বেইচৰণ বনাঞ্চলত এই আক্রমণ সংঘটিত হয়। আক্রমণত কেইজনমান পৰ্য্যটক আহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে আক্ৰমণত কিমানজন লোক আহত হৈছে, সেই বিষয়ে থিৰাংকৈ জানিব পৰা হোৱা নাই। আহতসকলক জিলা চিকিৎসালয়লৈ নিয়া হৈছে। সুৰক্ষা বাহিনীয়ে আক্ৰমণকাৰীসকলক কৰায়ত্ব কৰাৰ বাবে অঞ্চলটো ঘেৰি তালাচী অভিযান আৰম্ভ কৰিছে। কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই আক্ৰমণৰ বিষয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰিছে। গৃহ মন্ত্ৰীগৰাকী সকলো সংস্থাৰ সৈতে জৰুৰী সুৰক্ষা পৰ্য্যালোচনা বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে শীঘ্ৰে শ্ৰীনগৰলৈ যাব। শ্রীশ্বাহে লগতে এই আক্রমণ সম্পর্কে ভি ডি অ’ কনফাৰেন্সিং ব্যৱস্থাৰে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। সন্ত্রাসবাদী আক্রমণক লৈ ক্ষোভ প্রকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, যে কাপুৰুষালী ভৰা এই আক্ৰমণৰ সৈতে জড়িতসকলক সাৰি যাবলৈ দিয়া নহ’ব আৰু চৰকাৰে এই আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে সামাজিক মাধ্যমযোগে আহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
সূত্ৰৰ পৰা জানিব পৰা মতে, শ্রীমোদীয়ে গৃহ মন্ত্ৰী শ্বাহৰ সৈতে হোৱা কথোপকথনত তেওঁক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু আক্ৰমণস্থলী পৰিদৰ্শন কৰিবলৈ কৈছে।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো এই আক্রমণক তীব্ৰ গৰিহণা দিছে।

অধিক পঢ়ক

সকলো চাওক