পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত সাৰংগপানি শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন

 পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত সাৰংগপানি শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে শৈক্ষিক বাতাবৰণ সন্দৰ্ভত আলোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা দিশসমূহ ক্ৰমান্বয়ে পূৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিজ্ঞান বিষয়ৰ পাঠদান কৰে।