পলাতক ব্যৱসায়ী মেহুল চক্সীৰ বেংক একাউণ্ট, মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰসমূহ জব্দ কৰি ২ কোটিতকৈও অধিক টকা উচুল কৰাৰ বাবে ছেবিয়ে নির্দেশ দিছে। মেহুল চক্সীক গীতাঞ্জলি জেমছৰ শ্বেয়াৰসমূহ বে-আইনীভাৱে ব্যৱসায় কৰাৰ বাবে ২ কোটি টকাৰ জৰিমনা বিহা হৈছিল। চক্সী গীতাঞ্জলি জেমছৰ অধ্যক্ষ তথা ব্যৱস্থাপন সঞ্চালক হৈ থকা সময়ত কোম্পানীটোৰ শ্বেয়াৰৰ বিষয়ে কিছুমান অভ্যন্তৰীণ তথ্য নিজৰ সহযোগীক সদৰী কৰাৰ বাবে অভিযুক্ত কৰা হৈছিল। এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি তেওঁৰ সহযোগীয়ে ২০১৭ চনত নিজৰ সম্পূর্ণ ৫ দশমিক ৭-৫ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰি দিছিল। ইয়াৰ ফলত কোম্পানীৰ ঘাটিৰ বিষয়ে ৰাজহুৱা হোৱাৰ পূৰ্বেই মেহুল চক্সীৰ সহযোগীগৰাকীয়ে শ্বেয়াৰ বিক্ৰী কৰি নিজক লোকচানৰ পৰা বচাবলৈ সমৰ্থ হৈছিল। ২০২২ চনত ইয়াৰ বাবে ছেবিয়ে মেহুল চক্সীক ডেৰ কোট টকাৰ জৰিমনা বিহাৰ লগতে এবছৰলৈকে শ্বেয়াৰ বজাৰত ট্রেডিং কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। চক্সীয়ে জৰিমনাৰ এই ৰাশি জমা নিদিয়াৰ বাবে ছেবিয়ে তেওঁৰ বেংক একাউণ্ট, মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰসমূহৰ পৰা জৰিমনাৰ ধন মোকলাবলৈ নিৰ্দেশ দিয়ে।
Site Admin | June 6, 2025 9:19 PM | Akashvani | Economy | SEBI
পলাতক ব্যৱসায়ী মেহুল চক্সীৰ বেংক একাউণ্ট, মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰসমূহ জব্দ কৰি ২ কোটিতকৈও অধিক টকা উচুল কৰাৰ বাবে ছেবিৰ নির্দেশ
