ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পবিতৰা অভয়াৰণ্যত এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে

পবিতৰা অভয়াৰণ্যত আজি এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে। চৰাইটোৰ বৈজ্ঞানিক নাম- পিট্টা ব্ৰাচুৰিয়া আৰু এই চৰাইটোৰ পাখিত ৯টা ৰং আছে। পক্ষী অন্বেষণকাৰী আৰু পক্ষী সম্পৰ্কীয় আলোকচিত্ৰ গ্ৰহণকাৰী যুৱক দেৱজিৎ নাথ ধুনু, পল্লব প্ৰাঞ্জল শৰ্মা আৰু উমেশ ডেকাই অভয়াৰণ্যখনত চৰাইটোৰ প্ৰথমবাৰৰ বাবে আলোকচিত্ৰ সংগ্ৰহ কৰে। এই পৰিভ্ৰমী চৰাইটো অসমত ইয়াৰ পূৰ্বে কোকৰাঝাৰত দেখা গৈছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ৰঙিন আৰু ডাঠ ঠেংযুক্ত এই চৰাইটোৰ উৰণৰ সময়ত ইয়াৰ ৰংসমূহ অধিক আকর্ষণীয় ৰূপত ধৰা দিয়ে। দীঘল ঠেং, শক্তিশালী ঠোঁট, মূৰত পাখিৰ কীৰিটি, চকুৰ ক’লা ৰেখা আৰু তলৰ অংশত উজ্জ্বল ৰঙা ৰং থকা চৰাইটোৰ ওপৰৰ অংশ সেউজীয়া আৰু পাখিৰ ওপৰভাগত নীলা ৰং থাকে। গধূলি আৰু পুৱতি নিশা চৰাইটোৱে সুহুৰি বজোৱাৰ দৰে মাত মাতে। গছপাতৰ আৱৰ্জনাৰ মাজৰ পৰা এই চৰাইটোৱে পোক-পৰুৱা ধৰি খায়।