পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোট গণনাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰিছে। লক্ষীমপুৰ জিলা প্ৰশাসনে উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটগণনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলাখনৰ ১৫খন জিলা পৰিষদ, ৬০ খন আঞ্চলিক পঞ্চায়ত আৰু ৫৭৪ টা ৱাৰ্ড সদস্য পদৰ বাবে হোৱা নিৰ্বাচনৰ ভোট গণনা কাইলৈ ১৫ টা গণনা কক্ষত কৰা হ’ব। ঢকুৱাখনা সমজিলা কার্যালয় চৌহদতো ভোটগণনাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। কাছাৰ জিলাৰ শিলচৰৰ ৰামনগৰ আই এছ বি টি আৰু আই এছ টি টিত ভোটগণনা অনুস্থিত হ’ব। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি ২১ টা কক্ষত গণনা অনুস্থিত হ’ব। হোজাই জিলা প্ৰশাসনে কাইলৈ জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোটগণনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলা আয়ুক্ত বিদ্যুৎবিকাশ ভাগৱতীয়ে গণনা প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ সবিশেষ বুজ লৈছে। এই অনুসৰি কাইলৈ পুৱা ৭ বজাত ষ্ট্ৰং ৰুম খোলা হ’ব আৰু ৮ বজাৰ পৰা ভোটগণনা কৰা হ’ব। গণনা কাৰ্যত প্ৰায় দুহেজাৰ কৰ্মচাৰী নিয়োগ কৰা হ’ব। শ্রীভূমি জিলাৰ পাঠাৰকান্দি সমজিলাতো ভোটগণনাৰ বাবে প্ৰশাসনে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। তিনিচুকীয়া জিলা সদৰৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত কাইলৈ ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ প্ৰতিটো জিলাত পৰিষদ সমষ্টিৰ বাবে একোটাকৈ গণনা কক্ষ স্থাপন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত কাইলৈ ভোটগণনা অনুস্থিত হ’ব। গোৱালপাৰা জিলাতো ভোটগণনাৰ সকলো ব্যৱস্থা লোৱা হৈছে। কামৰূপ জিলাত এহেজাৰ চাৰিশ পঞ্চাশ গৰাকী বিষয়াই ভোটগণনা কাৰ্য পৰিচালনা কৰিব। দক্ষিণশালমৰা মানকাছাৰ জিলাত কাইলৈ ভোটগণনাৰ বাবে আজি অনুশীলন অনুষ্ঠিত হয়। জিলাখনত ৭টা ভোটগণনা কেন্দ্ৰত ভোটগণনা কৰা হব।
Site Admin | May 10, 2025 8:33 PM | assam panchayat election
পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পূর্ণ
