পৰহিলৈ হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্রস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূর্ণভাৱে ভোটগণনাৰ বাবে তিনি ঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইতিমধ্যে ভোটগণনাৰ বাবে নিৰীক্ষক, ভোটগণনা সহায়ক, সূক্ষ্ম পর্যবেক্ষকসকলকে ধৰি ভোটগণনা কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
ডিব্ৰুগড় জিলাতো ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ কালি এই প্রক্রিয়াত নিয়োজিত সুক্ষ্ম নিৰীক্ষক, কাউন্টিং ছুপাৰভাইজাৰ আৰু সহযোগীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহ আৰু মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত কেইবাগৰাকীও বিশেষজ্ঞ প্রশিক্ষকে ভোটগণনা প্রক্রিয়া সন্দৰ্ভত বিষয়াসকলক প্ৰশিক্ষণ দিয়ে।
তিনিচুকীয়া জিলাতো পৰহিলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ’ব। জিলা সদৰৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰূমৰ উপৰি তিনিওখন সমজিলাতে একে সময়তে ভোটগণনা কৰা হ’ব।