ডাউনলোড
মোবাইল এপ

android apple
signal

April 22, 2025 8:53 PM | Assam CM Campaign

printer

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত অহা ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। প্ৰাৰ্থীসকলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে প্ৰচাৰ সভা, ৰেলী আদিৰ আয়োজন কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাৰ লাকুৱাত এখন জনসভাত অংশ লয়। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক লোকে এই সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই আজি উত্তৰ লখিমপুৰৰ বগীনদী অঞ্চলত এখন জনসভাত অংশ লোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁ ইয়াত অংশ লোৱাৰ পৰা বিৰত থাকে। ড০ শর্মাই ফোনযোগেই জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ লখিমপুৰ জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি ৰোৱা হিতাধিকাৰীসকলক পৰৱৰ্তী সময়ত আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলি আশ্বাস দিয়ে। বগীনদীৰ গজাই-মনাই ক্ষেত্ৰত আয়োজিত এই জনসভাত জ্যেষ্ঠ মন্ত্রী ডা০ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই বৰাকত দুদিন প্ৰচাৰ চলোৱাৰ পাছত আজি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙি আৰু নামবৰ জিলা পৰিষদত নির্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী নন্দিতা গালোচা আৰু খুমটাইৰ বিধায়ক মৃণাল শ‍ইকীয়াই সভাপতিগৰাকীৰ সৈতে প্ৰচাৰ সভাত ভাগ লয়। কাইলৈ তেওঁ শোণিতপুৰ আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আজি গোলাঘাট জিলাত প্ৰচাৰ সভাত অংশ লৈ বিগত সময়ছোৱাত বিজেপি মিত্রজোঁট চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহত আলোকপাত কৰে। শ্ৰীবৰাই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্রার্থী তথা খুমটাই, গোলাঘাট, সৰুপথাৰ আৰু দেৰগাঁও সমষ্টিৰ দলীয় কৰ্মকৰ্তাৰ সৈতে জিলা বিজেপিৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কাইলৈ শদিয়া, লখিমপুৰ আৰু জোনাইত প্ৰচাৰ চলাব।
তেজপুৰত আজি আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে নিয়োজিত প্রায় এহেজাৰ ২৪০ গৰাকী প্ৰথম প’লিং বিষয়াৰ ভোটগ্রহণ প্ৰক্ৰিয়া আৰু বেলট বাকচ ব্যৱহাৰৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হয়।
ধেমাজি জিলাত আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰদলনিৰ বৰবামত প্ৰচাৰ সভাত অংশ লয়। সাংসদ গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰ নাথাকিলেও জনসাধাৰণৰ হৃদয়ত কংগ্ৰেছ আছে বুলি মন্তব্য কৰি বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰে। ইপিনে পঞ্চায়ত নিৰ্বাচনৰ ভোটকেন্দ্ৰসমূহ বিধানসভাৰ ভোটকেন্দ্ৰৰ সৈতে অমিল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰসকলে যাতে ভোটকেন্দ্ৰ চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে খণ্ড পৰ্যায়ৰ বিষয়াসকলক সজাগতা সৃষ্টিৰ নিৰ্দেশ দিছে। অতিৰিক্ত জিলা আয়ুক্তই এখন জাননীযোগে বিষয়াসকলক পঞ্চায়ত সচিবৰ সহযোগত ভোটদাতাসকলক এইক্ষেত্ৰত সজাগ কৰিবলৈ নিৰ্দেশ দিয়ে। হোজাই জিলাত অহা ২৪ এপ্রিলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযানত অংশ লোৱাৰ পৰিপ্ৰেক্ষিতত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰকে ধৰি বিজেপিৰ কৰ্মকৰ্তাসকল তৎপৰ হৈ পৰিছে।
পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মূল প্ৰশিক্ষক সকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। জিলাখনৰ ছখন জিলা পৰিষদ আৰু ২০ খন গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শ্রীভূমি জিলাত মন্ত্রী কৃষ্ণেন্দু পালে জিলাখনৰ লক্ষীমপুৰ বিলবাৰীত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৷

অধিক পঢ়ক

সকলো চাওক