পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ তিনিচুকীয়াৰ বাৰেকুৰি আৰু লাংকাচেত নির্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰি বিধানসভাৰ অন্তৰ্গত কেইবাটাও এলেকাত আয়োজিত নির্বাচনী সভাত অংশ লয়। বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। শিক্ষামন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডা০ ৰণোজ পেগুৱে ধেমাজি জিলাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে কালি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ পঞ্চায়তত আয়োজিত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্রীগৰাকীয়ে সমষ্টিটোৰ জীয়াধল, হাতীগড়, বাটঘৰীয়া আৰু লক্ষীপথাৰ গাঁও পঞ্চায়তত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্রী অতুল বৰাই গোলাঘাট জিলাৰ কেইবাটাও প্ৰান্তত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ একেদৰে কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহেও পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কচুমাৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
বিধায়ক অখিল গগৈয়ে লখিমপুৰ জিলাৰ কেইবাটাও অঞ্চলত দলীয় প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ চলায়।
Site Admin | April 27, 2025 12:00 PM | assam panchayat election campaign
পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ ব্যাপক প্ৰচাৰ অভিযান
