ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পঞ্চায়ত নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ ব্যাপক ব্যৱস্থা

চৰাইদেউ জিলাত নিৰ্বাচনী প্রক্রিয়া শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম-অৰুণাচল আৰু অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।

বিশ্বনাথ জিলাৰ ৭৪৭টা ভোটকেন্দ্ৰত ৪ লাখ ৭৪ হাজাৰ ৯২৭ গৰাকী ভোটদাতাই ১৩১২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। জিলাখনত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৩৬ গৰাকী মাণ্ডলিক, ৭৪ গৰাকী ছেক্টৰ, ৮৯৬ গৰাকী প্রিজাইডিং আৰু ২,৬৮৮ গৰাকী প’লিং বিষয়া নিয়োগ কৰা হৈছে। শ্রীভূমি জিলাত পঞ্চায়ত নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্বত নিয়োজিত সকলোকে নির্দেশ দিছে। এখন সংবাদমেলযোগে আয়ুক্তগৰাকীয়ে নিকা আৰু শান্তিপূর্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন দায়বদ্ধ বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।