পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ’ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷
মুখ্যমন্ত্ৰী ড০ শর্মাই আজি বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও মিনি ষ্টেডিয়ামত অগপ, বিজেপি আৰু ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ লগতে বজালী বিধানসভা সমষ্টিত বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিত্যানন্দ হাইস্কুল খেলপথাৰত আয়োজিত বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই আজি জাগীৰোডৰ নেলীত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ কথা উল্লেখ কৰি গ্ৰামাঞ্চলৰ উন্নয়ন সুনিশ্চিতকৰণৰ বাবে পঞ্চায়ত নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনায়। মন্ত্রী পীযূষ হাজৰিকাই আজি পঞ্চায়ত নির্বাচন উপলক্ষে কামৰূপ মহানগৰ আৰু ডিমৰীয়া মণ্ডল সমিতিৰ উদ্যোগত দুৰুঙত আয়োজিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে।
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আজি ডিমৰীয়া আৰু চন্দ্ৰপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি প্ৰচাৰৰ শেষ দিনটোত বঙাইগাঁও জিলাত নির্বাচনী সভাত অংশ লয়। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতগাঁও জিলা পৰিষদত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা ৰেলীত অংশগ্ৰহণ কৰে।
ইপিনে, পৰহিলৈ হ’বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সাজু হৈ উঠিছে। নিৰ্বাচনৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাখনো জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
Site Admin | May 5, 2025 6:18 PM | Akashvani Guwahati | Akashvani News | CMO Assam | Panchayat | Political News
পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি
