নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

■ দেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকৰ মাজত সহজতে বাৰ্তালাপ সম্ভৱ কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কণ্ঠ আধাৰিত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত দেশৰ যিকোনো স্থানৰ দুগৰাকী ভিন্ন ভাষীলোকে নিজৰ নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ অধীনত ৰাষ্ট্ৰীয় ভাষা প্রযুক্তি মিছন চমুকৈ ভাষিণী নামেৰে আৰম্ভ কৰা মঞ্চত অসমীয়া আৰু বড়োসহ থলুৱা ভাষাসমূহ অন্তর্ভুক্ত কৰাৰ বাবে কালি এই চুক্তিত স্বাক্ষৰ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পন্ন হোৱা চুক্তি স্বাক্ষৰৰ সময়ত ৰাজ্য চৰকাৰৰ তথ্য প্রযুক্তি মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব ড০ ৰবি কোটা উপস্থিত থাকে। বুজাবুজিৰ চুক্তিখনত অসম চৰকাৰৰ হৈ তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব গোপানীথ নাৰায়ণ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে ভাষিণীৰ মুখ্য কার্যবাহী বিষয়া অমিতাভ নাগে স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে অসমৰ থলুৱা ভাষাৰ সমৃদ্ধকৰণৰ বাবে ভাষিণীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কাৰিকৰী আৰু প্ৰযুক্তিগত সহযোগিতা আগবঢ়োৱা হ’ব।