অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আজি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহৰ ডিজিটেল ৰূপান্তৰ আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা লোৱা হ’ব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য আৰু অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডাঃ নাৰায়ণ শৰ্মাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। এই উপলক্ষে আয়োজিত সংবাদমেলত ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে প্ৰাৰম্ভিক পৰ্যায়ত ১০ হাজাৰতকৈ কম লোকে ব্যৱহাৰ কৰা অসমৰ তিনিটা ভাষা খামিয়াং, টাইফাকে আৰু চিংফৌক সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। অসম চুক্তিৰ ৬ নম্বৰ দফাৰ অধীনত এই ভাষাসমূহ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ সৈতেও সংগঠনটোৱে আলোচনা কৰিব বুলি সংবাদ মেলত ড০ ভট্টাচাৰ্যই প্ৰকাশ কৰে।
Site Admin | April 23, 2025 7:51 PM | AASU | Akashvani Guwahati | Akashvani News | all assam student union
নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বুজজিৰ চুক্তিত স্বাক্ষৰ
