ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ সংবাদ মেল

অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ কোনো সংস্থাৰ সৈতে তেওঁৰ কোনো প্ৰকাৰৰ যোগাযোগ থকাৰ অভিযোগ অস্বীকাৰ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পূর্ণ ভিত্তিহীন বুলি অভিহিত কৰে। গগৈয়ে অৱশ্যে কয় যে ১৪-১৫ বছৰ আগতে তেওঁৰ পত্নীয়ে এটা আন্তর্জাতিক স্বেচ্ছাসেৱী সংগঠনত কাম কৰাৰ সূত্ৰে তেওঁয়ো পাকিস্তান ভ্ৰমণলৈ গৈছিল। এই ভ্রমণ সম্পূর্ণ বৈধ আছিল বুলিও শ্ৰীগগৈয়ে দাবী কৰে ৷
কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে অভিযোগ কৰি কয় যে বিজেপিৰ ছত্ৰছায়াত উত্তৰ পূৰ্বাঞ্চল অবৈধ কয়লা আৰু মাদক দ্ৰৱ্যৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ শেহতীয়া তালাচী অভিযানৰ জেৰ টানি শ্ৰীগগৈয়ে বাস্তৱিক পৰিস্থিতি চিন্তাজনক বুলি অভিহিত কৰে আৰু শাসকীয় বিজেপি চৰকাৰে এই সমস্যাৰ প্ৰতি আওকান কৰা বুলি অভিযোগ তোলে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে অৱশেষত গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা কথাটো স্বীকাৰ কৰিছে আৰু গৌৰৱ গগৈ সম্পৰ্কত তেওঁ ইমান দিনে কৈ অহা কথাবোৰ সত্য বুলি প্ৰমাণ কৰিব বুলি ড০ শৰ্মাই সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰিছে।
ইপিনে, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাক কাইলৈ দিনৰ ১১ বজাত উপস্থিত হবলৈ কৈছে ।

অধিক পঢ়ক

সকলো চাওক