উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰে। ধেমাজিৰ বগীবিল দলং সংযোগী পথত থকা এটা তেল ডিপোত এই চিএনজি ষ্টেচন মুকলি কৰি শ্ৰীবৰাই সেউজ শক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে তুলনামূলকভাৱে সুলভ চিএনজি ব্যৱহাৰ কৰি যান বাহনৰ ইঞ্জিনসমূহ দীর্ঘদিনলৈ কাৰ্যক্ষম কৰি ৰাখিব পাৰি। পৰিৱেশ সংৰক্ষণ আৰু আৰ্থিক সঞ্চয়ৰ বাবে সকলোকে চিএনজি ব্যৱহাৰ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। শ্ৰীবৰাই উত্তৰ অসমত শীঘ্ৰেই পাইপলাইন গেছৰ ঘৰুৱা সংযোজন আৰম্ভ হ’ব বুলি উল্লেখ কৰি পর্যায়ক্রমে উত্তৰ পূব গেছ বিতৰণ কোম্পানীয়ে এই কাম কৰিব বুলি প্ৰকাশ কৰে।
Site Admin | May 29, 2025 7:54 PM | Akashvani | Bimal Bora | CNG
ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি
