নীপকোৱে ৰঙানদী বান্ধৰ অতিৰিক্ত পানী আকস্মিকভাৱে মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ পাছত আজি ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি নগৰৰ ৰাজপথত আজি ৰাইজৰ দলৰ নেতৃত্বত জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ সদস্যই প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰীসকলে এন এইচ পি চিৰ বৃহৎ নদীবান্ধৰ উপৰি অৰুণাচল প্ৰদেশত নির্মীয়মান ১৩৪ টা নদীবান্ধৰ কাম শীঘ্ৰেই বন্ধ কৰি দিয়াৰ দাবী জনায়।
Assamese | June 3, 2025 8:16 PM | Akashvani Guwahati | Akashvani News | Local news | NHPC
ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ