নগাঁও জিলাৰ ধিঙৰ এগৰাকী ছাত্রীক ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত এজন অভিযুক্তৰ আজি পুৱতি নিশা মৃত্যু ঘটিছে। ছাত্ৰীগৰাকীৰ নিৰ্যাতন হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তজনক নিয়া অৱস্থাত পলাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দিয়াত তফজ্জুল ইছলাম নামৰ অভিযুক্তজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, নগাঁও জিলাৰ ধিঙত যোৱা ২২ আগষ্টৰ সন্ধিয়া এগৰাকী ছাত্রীক ৩ জন অভিযুক্তই যৌন নির্যাতন চলাইছিল। ইয়াৰে এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজনৰ সন্ধান এতিয়াও অব্যাহত ৰাখিছে। ইপিনে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাইয়ো এই ঘটনাৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ লগতে আৰক্ষীক তাৎক্ষণিকভাবে ঘটনাৰ দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আৰক্ষী সঞ্চালক প্রধান জি পি সিং কালি ধিঙত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰীগৰাকীৰ অভিভাৱকৰ সৈতেও মত বিনিময় কৰি তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে যথেষ্ট তথ্য-প্রমাণ লাভ কৰা বুলি উল্লেখ কৰিছিল। আনহাতে, মুখ্যমন্ত্ৰীৰ নির্দেশত কালি বিয়লিৰ ভাগত কেবিনেট মন্ত্রী পীযুষ হাজৰিকাও ধিঙত উপস্থিত হৈছিল। পৰিস্থিতি পর্যালোচনা কৰাৰ অন্তত নগাওঁ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে ঘটনাৰ সৈতে জড়িত আন দুই অভিযুক্তকো শীঘ্ৰে কৰায়ত্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰিছিল। ইফালে, ধিঙৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনাব উচিত তদন্ত তথা কেওজন দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। নগাঁৱৰ উপৰি কালি শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলি, লখিমপুৰ, মৰিগাঁৱৰ লগতে কেইবাখনো জিলাত বিভিন্ন দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰে।
Site Admin | August 24, 2024 12:04 PM | Dhing Gang rape Death
ধিঙত ছাত্রীক ধৰ্ষণৰ ঘটনাৰে জড়িত এজন অভিযুক্তৰ মৃত্যু
