ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰা নগাঁৱৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী যড়যন্ত্ৰ থকা বুলি বিধায়কগৰাকীয়ে কৰা বিতর্কিত মন্তব্যৰ বাবে দেশদ্রোহিতাৰ গোচৰত কালি নগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আজি তেওঁক নগাঁও আদালতত হাজিৰ কৰোৱা হয়। আদালতে বিধায়কগৰাকীৰ বিৰুদ্ধে আৰক্ষীযে দাখিল কৰা অভিযোগনামা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীৰ ভাষ্য শুনাৰ পাছত তেওঁ চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। এই সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰা আন ৫ জন লোকক অসম আৰক্ষীয়ে আটক কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাত এই লোক কেইজনৰ বিৰুদ্ধে সামাজিক মাধ্যমত পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ তথ্য লাভ কৰা হৈছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে আটক কৰা লোক কেইজন হৈছে শিৱসাগৰৰ মহম্মদ চাহিল আলী, শিলচৰৰ এ কে বাহাউদ্দিন আৰু জাভেদ মজুমদাৰ, মৰিগাঁৱৰ মুজিহিৰুল ইছলাম আৰু হাইলাকান্দিৰ জাবিৰ হুছেইন।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।