পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰে। দ্বিতীয় পৰ্যায়ত পৰহিলৈ ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত ৯১ লাখ ৩১ হাজাৰ ১২৭ গৰাকী ভোটদাতাই ২৯ হাজাৰ ৬০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। এই নিৰ্বাচনৰ বাবে মুঠ ১২ হাজাৰ ১৩০টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে আজি ৰাজ্যিক নির্বাচন আয়ুক্তই ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গৃহ বিভাগৰ আৰক্ষী সঞ্চালকপ্ৰধান, গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্তকে ধৰি সংশ্লিষ্ট জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে আলোচনাত মিলিত হয়।
ইপিনে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
মুখ্যমন্ত্রী ড০ শৰ্মাই আজি বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও মিনি ষ্টেডিয়ামত অগপ, বিজেপি আৰু ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ লগতে বজালী বিধানসভা সমষ্টিত বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিত্যানন্দ হাইস্কুল খেলপথাৰত আয়োজিত বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই আজি জাগীৰোডৰ নেলীত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ কথা উল্লেখ কৰি গ্ৰামাঞ্চলৰ উন্নয়ন সুনিশ্চিতকৰণৰ বাবে পঞ্চায়ত নিৰ্বাচনত বিজেপিক সমর্থন কৰিবলৈ আহ্বান জনায়। মন্ত্রী পীযূষ হাজৰিকাই আজি পঞ্চায়ত নির্বাচন উপলক্ষে কামৰূপ মহানগৰ আৰু ডিমৰীয়া মণ্ডল সমিতিৰ উদ্যোগত দুৰুঙত আয়োজিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে।
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আজি ডিমৰীয়া আৰু চন্দ্ৰপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি প্ৰচাৰৰ শেষ দিনটোত বঙাইগাঁও জিলাত নির্বাচনী সভাত অংশ লয়। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতগাঁও জিলা পৰিষদত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা ৰেলীত অংশগ্ৰহণ কৰে ৷
ইপিনে, পৰহিলৈ হ’বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ সকলো ভোটদাতাক শান্তিপূর্ণভাৱে তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
কামৰূপ জিলাত ১৮ খন জিলা পৰিষদ, ৯৭টা আঞ্চলিক পঞ্চায়ত আৰু ৯১০টা গাঁও পঞ্চায়তৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। জিলাখনত ইতিমধ্যে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰায় ৬ হাজাৰ প্রিজাইডিং আৰু প’লিং বিষয়াক নিয়োগ কৰা হৈছে। কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্ত তথা স্পৰ্শকাতৰ কেইবাটাও ভোটকেন্দ্ৰসমূহত বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।
গোৱালপাৰা জিলাতো নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন সাজু হৈ উঠিছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। জিলাখনত স্থাপন কৰা মুঠ ৯৫৫টা ভোটগ্রহণ কেন্দ্ৰৰ ৩০টা মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। গোৱালপাৰা জিলাৰ মুঠ ১৬টা জিলা পৰিষদীয় সমষ্টিৰ দুটাত বিনা প্রতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নির্বাচিত হোৱাত বাকী থকা ১৪টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি যিকোনো ঠাইত ৫ জনতকৈ অধিক লোক সমবেত হোৱা, নিৰ্বাচনী কাম-কাজৰ বাবে কৰ্তৃত্বপ্রাপ্ত লোক বা আৰক্ষীৰ বাহিৰে অন্যান্য লোকে ভোটগ্রহণ কেন্দ্ৰৰ ১০০ মিটাৰ পৰিধিৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ, ব্যক্তিগত সুৰক্ষাকৰ্মী থকা লোকক সুৰক্ষাকর্মীসহ ভোটগ্রহণ কেন্দ্ৰত প্ৰৱেশ আদি ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। একেদৰে নিৰ্বাচন হ’বলগীয়া জিলাসমূহত আজি বিয়লি ৪.৩০ বজাৰ পৰা ৭ মে’ৰ বিয়লি ৪.৩০ বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে।
Site Admin | May 5, 2025 7:44 PM | Akashvani Guwahati | Akashvani News | Election 2025 | Panchayat
দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান বিয়লি ৪.৩০ বজাত সামৰণি
