ডাউনলোড
মোবাইল এপ

android apple
signal

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন

৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুনকৈ জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত আজাৰাৰ মাজিৰগাঁৱত প্ৰচাৰ চলায়। তেওঁ পলাশবাৰী আৰু কাঁহিকুছিতো নির্বাচনী প্ৰচাৰ চলায়। পলাশবাৰীৰ মাজিৰগাঁৱত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত অর্থনৈতিক উন্নয়ন হৈছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অভয়াপুৰী বিধানসভা সমষ্টিৰ ঘিলাগুৰিত প্ৰচাৰ চলায়। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকাশৰ সপোনক বাস্তৱায়িত কৰাৰ যাত্ৰাত গ্ৰামাঞ্চলৰ ৰাইজক সক্রিয়ভাৱে অংশ ল’বলৈ আহ্বান জনায়। এই সভাত সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকে। শ্ৰীসোণোৱালে বৰপেটা জিলাৰ বনিয়াকুছিত আয়োজিত প্ৰচাৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ সমষ্টিৰ দেওচুৰ চাঙত বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ আঞ্চলিক সদস্যপদৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলায়। তেওঁ ৭ নম্বৰ বেচামাৰী আৰু কাজিৰঙাৰ কুঠৰীতো প্ৰচাৰ সভাত অংশ লয়। বৰপেটা জিলাৰ সুন্দৰীদিয়াত আজি মন্ত্ৰী অতুল বৰাই প্ৰচাৰ সভাত অংশ লয়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰত জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। তেওঁ বাঁহজানী মণ্ডলত এটা মটৰচাইকেল সমদলতো অংশ লয়। মন্ত্রী পীযূষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰাইদঙীয়াৰ উপৰি যমুনামুখৰ মাজগাঁৱত প্ৰচাৰ সভাত অংশ লয়। ইপিনে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে আজি গুৱাহাটীৰ চন্দ্ৰপুৰত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। এই সভাত অসম কংগ্ৰেছৰ সহ তত্বাৱধায়ক মনোজ চৌহানেও অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ ভক্তৰবাত প্ৰচাৰ চলায়। তেওঁ দলীয় প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনোৱাৰ উপৰি শাসকীয় দলক সমালোচনা কৰে। সাংসদ প্ৰদ্যুৎ বৰদলৈও আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তত প্ৰচাৰ চলায় ৷
কামৰূপ জিলাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে। হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ শনিয়াদী পঞ্চায়তত আজি তৃণমূল কংগ্ৰেছ দলৰ ৰাজ্যিক উপ-সভাপতি দুলু আহমেদে প্ৰচাৰ চলায়। অসম জাতীয় পৰিষদ দলৰ হৈ দলৰ নেতা লুৰীণজ্যোতি গগৈয়ে নলবাৰীত প্ৰচাৰ চলায়। গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত শাসকীয় বিজেপিৰ উপৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে ব্যাপক ৰূপত প্ৰচাৰ চলায়। অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ সভাত অংশ লয়। ইপিনে দক্ষিণ শালমাৰা মানকাচৰ জিলাত এ আই ইউ ডি এফ দলৰ কেইবাগৰাকী বিধায়কে কালি প্ৰচাৰ সভাত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক