ডাউনলোড
মোবাইল এপ

android apple
signal

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসকীয় বিজেপিৰ লগতে মিত্রদল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছৰ উপৰি অন্যান্য ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীসকলে ও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ আজাৰা-ধাৰাপুৰ, গৰল আৰু নগাঁৱত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। নগাঁৱত আয়োজিত প্ৰচাৰ সভাত মন্ত্ৰী কেশৱ মহন্তৰ লগতে ভালেসংখ্যক নেতা-কর্মীয়ে অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই কালি জাগীৰোড সমষ্টিৰ ঔজাৰি আৰু মায়ঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত মন্ত্রী পীযূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে ভালেসংখ্যক দলীয় নেতা-কর্মী উপস্থিত থাকে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি দক্ষিণ কামৰূপৰ ৰঙামাটি আৰু বিলাসীপাৰাৰ শালকোচাত প্ৰচাৰ সভাত অংশ লয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে ব্যাপক প্ৰচাৰ চলাই আছে। কালি ভুৰাকাটা গাঁও পঞ্চায়তৰ অধীনৰ অঞ্চলত বিজেপি আৰু অগপই নিৰ্বাচনী সমদল উলিয়ায়। কংগ্ৰেছ দলৰ হৈ অসম বিধানসভাৰ বিৰোধী দলপতি তথা দলৰ নেতা দেৱব্ৰত শ‍ইকীয়া কালি নলবাৰী জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়। তেওঁ বাঁহজানী জিলা পৰিষদ সমষ্টিৰ ছখন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ সৈতে মত বিনিময় কৰে। শ্ৰীশ‍ইকীয়াই বাঁহজানী ঘোগা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আৰু ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সংবাদ মাধ্যমৰ আগত শ্ৰীশ‍ইকীয়াই বিজেপিক সমালোচনা কৰে। দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দলৰ নেত্ৰী মীৰা বৰঠাকুৰকে ধৰি নেতাসকলেও প্ৰচাৰ চলাই আছে। একেদৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও প্ৰচাৰ অব্যাহত ৰাখিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কালি নলবাৰীৰ পশ্চিম বভাগ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক