ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 23, 2025 6:43 PM | Mann Ki Baat

printer

দেশৰ স্বাধীনতা আন্দোলন তথা সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো মাতৃ শক্তিৰ ভূমিকাৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ৮ মাৰ্চৰ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰসংগ উল্লেখ কৰি এই দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ দিন বুলি মন্তব্য কৰে। ভাৰতীয় সংস্কৃতিত কন্যা সন্তানক সন্মান জনোৱাটো অন্যতম পৰম্পৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশৰ স্বাধীনতা আন্দোলনত মাতৃ শক্তিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো বৰঙণি আগবঢ়াইছে। তেওঁ সংবিধান সভাত ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা সময়ৰ হাংসা মেহতাৰ এটা শ্ৰব্য বার্তাও প্ৰচাৰ কৰে। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানত উত্তৰাখণ্ডত হৈ যোৱা ৰাষ্ট্ৰীয় ক্রীড়াৰ বিষয়েও উল্লেখ কৰি কয়, যে দেশৰ এঘাৰ হাজাৰতকৈও অধিক খেলুৱৈয়ে এই ক্রীড়া সমাৰোহত অপূৰ্ব ক্রীড়া শৈলী প্ৰদৰ্শন কৰিছিল।