দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত আজি ৪০০ৰো অধিক কৃষকৰ উপস্থিতিত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কৃষক, কৃষি বিজ্ঞানী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মত-বিনিময় কৰা হয়। অনুষ্ঠানত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ গুঞ্জন গগৈয়ে খাৰিফ শস্যৰ শেহতীয়া বহনক্ষম প্রযুক্তি, জৈৱিক কৃষিকে ধৰি কৃষকৰ বাবে প্ৰয়োজনীয় বিভিন্ন তথ্য অৱগত কৰে। ১৩ দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ ৫২টা স্থানৰ সকলো গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ হাজাৰৰো অধিক কৃষকক সামৰি লোৱা হৈছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি ডিব্ৰুগড় জিলাত এই অভিযানৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মানকটা খেলপথাৰত আয়োজিত সভাত ভাষণ দি শ্ৰীবৰাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষি ক্ষেত্ৰৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলক কৃষি ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলাত এই অভিযানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰায়েও অংশগ্ৰহণ কৰে। জিলাখনত এই অভিযানৰ অধীনত ১০ হাজাৰ ৪০০ কৃষকক সামৰি লোৱা হৈছে। লখিমপুৰ জিলাতো এই অভিযানৰ অংশ হিচাপে জিলা প্ৰশাসনৰ বিষয়ববীয়া, কৃষি বিজ্ঞানী আৰু বিভাগীয় বিষয়াসকলে কৃষকৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস চলাইছে।
Site Admin | May 29, 2025 7:04 PM | agriculture | Akashvani Guwahati | Local news
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ
