ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ ঈদ-উজ-জোহা পালন

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ বকৰী ঈদ বা ঈদ-উজ-জোহা দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। এই উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত সমূহীয়া নামাজ আদায় কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত ঈদ সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্রাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ-উজ-জোহা পালন কৰা হয়। এই উৎসৱক ঈদ-অল-আধা বা ঈদ-উল-আজহা বুলিও কোৱা হয়। ঈদ-উজ-জোহা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয়, যে এই উৎসৱ ত্যাগ, বিশ্বাস আৰু মানৱীয় প্ৰমুল্যবোধৰ প্ৰতীক। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে এই উৎসৱে সমাজত একতা, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলায়। তেওঁ আত্ম স্বার্থহীন আৰু আত্মোৎসৰ্গাৰ মনোভাৱেৰে এখন সুন্দৰ সমাজ নিৰ্মাণৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো ঈদ-উজ-জোহা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, যে এই উৎসৱে জনসাধাৰণৰ মাজত আনন্দ, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে সমাজত ইতিবাচক প্রভাব পেলাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পবিত্র ঈদ-উজ্-জোহা উপলক্ষে সমূহ ইছলামধৰ্মী লোকৰ লগতে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক