দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী কৰ ভৱনত আয়োজিত নিযুক্তি মেলাৰ কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰায় ২০০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে। তেওঁ সকলো নৱ নিযুক্ত প্ৰাৰ্থীক দেশৰ সেৱাত দায়বদ্ধ হৈ সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা বলিষ্ঠ সিদ্ধান্তক প্ৰশংসা কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ দেশবাসী একত্ৰিত হৈছে আৰু এই বৰ্বৰ মানসিকতাৰ লোকসকলক দৃষ্টান্তমূলক শাস্তি বিহা হ’ব।
Assamese | April 26, 2025 7:59 PM | Akashvani News | narendra modi | ROJGAR MELA | Sarbananda Sonowal
দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ