দেশৰ উত্তৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ হৈ আছে বুলি স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ প্ৰকাশ

স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দেশৰ উত্তৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ হৈ আছে বুলি প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সেনা বাহিনীৰ বাৰ্ষিক সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি জেনেৰেল দ্বিবেদীয়ে দৃঢ়তাৰে কয়, যে দেশৰ উত্তৰ সীমান্ত সদায়েই সংবেদনশীল যদিও সেনা বাহিনী যিকোনো প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সৰ্বদা প্রস্তুত। সীমান্ত অঞ্চলত শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাতো সেনা বাহিনীৰ সর্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি সেনা প্রধানগৰাকীয়ে কয়, যে পূৱ লাডাখ খণ্ডৰ বিবদমান দেমচক আৰু দেপচাং অঞ্চলত থকা মতানৈক্য আঁতৰ কৰা হৈছে। সেনা বাহিনীয়ে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ওপৰত সদায়ে চকু ৰাখিছে বুলিও জেনেৰেল দ্বিবেদীয়ে প্ৰকাশ কৰে। মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি সেনাধ্যক্ষগৰাকীয়ে কয়, যে বিভিন্ন বাহিনীৰ মাজত সুসমন্বয় আৰু চৰকাৰৰ আগতীয়া হস্তক্ষেপৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে। মণিপুৰত বহু ঘটনাৰ প্ৰতিক্ৰিয়া ৰূপত সংঘটিত ঘটনাৰ প্ৰতি চকু ৰাখিব লাগিব আৰু ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে সেনা বাহিনীয়ে কাম কৰি যাব।
বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি সেনা প্রধানগৰাকীয়ে কয়, যে বাংলাদেশ ভাৰতৰ বাবে কৌশলগত কাৰণত অতি গুৰুত্বপূৰ্ণ আৰু সেয়েহে দুয়ো চুবুৰীয়া দেশৰ মাজৰ বৈৰীভাৱ কোনো এখন দেশৰ বাবেই অনুকুল নহয়। জম্মু-কাশ্মীৰ প্ৰসংগত উল্লেখ কৰি জেনেৰেল দ্বিবেদীয়ে কয়, যে ৰাজ্যখনৰ পৰিস্থিতি বৰ্তমান সম্পূর্ণ নিয়ন্ত্ৰণলৈ আহিছে আৰু ৰাজ্যখন বৰ্তমান সন্ত্ৰাসবাদীৰ বিচৰণভূমিৰ পৰা পৰ্যটকৰ বিচৰণভূমিলৈ পৰিৱৰ্তিত হৈছে। যোৱা বছৰ সেনা বাহিনীৰ হাতত নিহত সন্ত্ৰাসবাদীসকলৰ ৬০ শতাংশই পাকিস্তানৰ পৰা অহা সন্ত্রাসবাদী আছিল বুলি উল্লেখ কৰি জেনেৰেল দ্বিবেদীয়ে পাকিস্তানক সন্ত্রাসবাদৰ কেন্দ্ৰবিন্দু বুলি অভিহিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।