ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 29, 2024 6:14 PM | Mann Ki Baat

printer

দেশত ২০১৫ পৰা ২০২৩ চনৰ ভিতৰত মেলেৰিয়াত মৃত্যুৰ সংখ্যা ৮০ শতাংশ হ্ৰাস হোৱা বুলি মন কী বাতত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

চাহ বাগিছা অঞ্চলৰ জনসাধাৰণে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ ফলত যোৰহাটৰ চাহ বাগিছাসমূহত এসময়ত দুঃশ্চিন্তাৰ কাৰণ হৈ পৰা মেলেৰিয়া ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্রধানমন্ত্ৰীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এইকথা প্ৰকাশ কৰে। এই প্ৰসংগত শ্রীমোদীয়ে কয়, যে স্বাস্থ্য খণ্ডত ভাৰতে লাভ কৰা দুটা সাফল্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কয়, যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ২০১৫ ৰ পৰা ২০২৩ চনৰ ভিতৰত মেলেৰিয়াত হোৱা মৃত্যুৰ সংখ্যা ৮০ শতাংশ হ্ৰাস হৈছে আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। মেলেৰিয়া নিয়ন্ত্ৰণত সামাজিক মাধ্যমৰ বহুল প্ৰয়োগৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে কয়, যে আকাশবাণীয়েও মেলেৰিয়া সন্দৰ্ভত নিয়মীয়াকৈ বাৰ্তা প্ৰচাৰত গুৰুত্ব দি আহিছে। তেওঁ কয়, যে পূর্বে কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয় অধিক হোৱা বাবে বহু ৰোগী চিকিৎসাৰ বাবে আগবাঢ়ি আহিব নোৱাৰিছিল, কিন্তু আয়ুষ্মান ভাৰত যোজনাৰ ফলত এতিয়া এয়া সহজ হৈ উঠিছে।