দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্য্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্য্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। নির্বাচনী প্ৰচাৰৰ সামৰণিৰ এদিন পূৰ্বে আজি বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ মেহবুবনগৰ লোকসভা সমষ্টিৰ নাৰায়ণপেটত এখন নির্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে, বৰ্তমানৰ নিৰ্বাচন দেশৰ ভৱিষ্যতৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। মোদী নিশ্চয়তা নিশ্চিতভাৱে ৰূপায়ণ হ’ব বুলি তেওঁ জনসাধাৰণক আশ্বাস দিয়ে। শ্রীমোদীয়ে কংগ্ৰেছ আৰু বি আৰ এছ দুয়োটা দল দুৰ্নীতিগ্ৰস্ত আৰু কংগ্ৰেছে জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে। কংগ্ৰেছে জনসাধাৰণক বিভাজিত কৰাৰ আৰু ধৰ্মৰ ভিত্তিত সংখ্যালঘুসকলৰ বাবে থকা সংৰক্ষণত সাল-সলনি কৰাৰ চেষ্টা কৰা বুলিও প্রধানমন্ত্রীয়ে অভিযোগ তোলে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ ৰাণাঘাটত এখন নির্বাচনী সভাত অংশ লৈ তৃণমূল কংগ্ৰেছে ভোট বেংকৰ বাবে অনুপ্ৰৱেশকাৰীৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বুলি অভিযোগ তোলে। তেওঁ লগতে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী আইনৰ নামত জনসাধাৰণক উচতনি যোগোৱা বুলিও অভিযোগ উত্থাপন কৰে। শ্ৰীশ্বাহে কয় যে, সন্দেশখালি ঘটনাৰ আঁৰৰ ব্যক্তিসকলক শাস্তি প্ৰদান কৰা হ’ব। কংগ্ৰেছ আৰু তৃণমূল দুয়োটা দলেই দুৰ্নীতিগ্ৰস্ত বুলি নেতাগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, পশ্চিমবংগত শাসকীয় দলৰ অধীনত ৰাজ্যিক নিযুক্তি সেৱা, পৌৰ নিযুক্তি আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত দুর্নীতি হৈছে। বিজেপি নেতাগৰাকীয়ে জনসাধাৰণক তৃণমূলক প্রত্যাখ্যান কৰিবলৈ আৰু উন্নয়নৰ হকে ভোটদান কৰিবলৈ আহ্বান জনায়। একেদৰে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি হাৰিয়াণাৰ আম্বালা লোকসভা সমষ্টিৰ দলীয় প্রার্থী বাণ্টো কাটাৰিয়াৰ হকে পঞ্চকুলাৰ এটা ৰ’ডশ্বোত ভাগ লয়। ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ জ্ঞান চন্দ গুপ্তা, সুভাষ বার্লা, প্রাক্তন বিধায়ক লতিকা শৰ্মা প্ৰমুখ্যে দলৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই ৰ’ডশ্বোত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীনাড্ডাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৰা বিভিন্ন কামৰ বিষয়ে উল্লেখ কৰে আৰু বিজেপিৰ হকে ভোটদান কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীনাড্ডাই দলটোক দুৰ্নীতিত উদগনি যোগোৱা দল বুলি মন্তব্য কৰে। কংগ্ৰেছ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী বর্তমান জামিনত থকা বুলি তেওঁ উল্লেখ কৰে। উত্তৰ প্ৰদেশতো চতুর্থ পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে আজি উত্তৰ প্ৰদেশৰ কনৌজত এখন যুটীয়া নির্বাচনী সভাক সম্বোধন কৰে। ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত বিজেপিক সমালোচনা কৰে আৰু কংগ্ৰেছ দলে ক্ষমতালৈ আহিলে খেতিয়কসকল দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ নহালৈকে তেওঁলোকলৈ বিত্তীয় সাহায্য আগবঢ়াব বুলি মন্তব্য কৰে। দুয়োগৰাকী নেতাই কানপুৰ জিলাতো যুটীয়াভাৱে প্ৰচাৰ চলায়। ইফালে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি গোৰখপুৰত এখন নির্বাচনী সভাত অংশ লয়। ইপিনে, এন চি পিৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভ্ৰান্তিকৰ মন্তব্য কৰিবলৈ লৈছে। ৪ মে’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত বিজেপিত যোগদান কৰাৰ বাবে প্রধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ নান্দুৰবাৰ জিলাৰ এখন নির্বাচনী সভাত আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত আজি পুণেত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীপাৱাৰে এইদৰে দাবী কৰে। এন চি পি নেতাগৰাকীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথম তিনিটা পৰ্য্যায়ৰ পাছত বিজেপিৰ বিৰুদ্ধে মনোভাৱ গঢ়ি উঠা বুলি দাবী কৰে। তেওঁ লগতে বিজেপি নেতাসকলে দলটোৰ বিৰুদ্ধে গঢ়ি উঠা মনোভাৱৰ বাবেই বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলি অভিযোগ তোলে। প্রধানমন্ত্ৰীৰ কোনো ৰাজনৈতিক দলক প্রকৃত অথবা ভুৱা বুলি কোৱাৰ অধিকাৰ নাই বুলি শ্ৰীপাৱাৰে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।