ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 15, 2025 8:22 PM | WPI

printer

দেশত যোৱা মাৰ্চত খুচুৰা মুদ্রাস্ফীতি ৩.৩৪ শতাংশলৈ হ্ৰাস

দেশত যোৱা মাৰ্চত খুচুৰা মুদ্রাস্ফীতি ৩.৩৪ শতাংশলৈ হ্ৰাস পাইছে। ফেব্ৰুৱাৰীত এই হাৰ ৩.৬১ শতাংশ আছিল। বিভিন্ন খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ বাবেই মুদ্রাস্ফীতি নিম্নগামী হোৱা বুলি কোৱা হৈছে। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, মুদ্রাস্ফীতিৰ এই হাৰ ২০১৯ চনৰ আগষ্টৰ পাছত আটাইতকৈ কম। এই সময়ছোৱাত গ্ৰামাঞ্চলৰ মুদ্রাস্ফীতি ৩.২৫ আৰু নগৰীয়া অঞ্চলৰ মুদ্রাস্ফীতি ৩.৪৩ শতাংশ হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মূলতঃ শাক-পাচলি, কণী, দাইল, মাংস, মাছ, গোটা দানাজাতীয় শস্য আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ বাবেই মাৰ্চত মুদ্রাস্ফীতি নিম্নগামী হৈছে।