■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিনীগাঁৱৰ যান-জঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ১৮ মাহ ধাৰ্য কৰা হৈছিল যদিও ৯ মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়।
Site Admin | July 5, 2025 12:58 PM | AIR GUWAHATI | Akashvani | Flyover Guwahati
দেওবাৰে সন্ধিয়া ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু উদ্বোধন
