ডাউনলোড
মোবাইল এপ

android apple
signal

May 28, 2025 8:56 PM | CM

printer

দুৰ্গম অঞ্চলত বসবাস কৰা খিলঞ্জীয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত

ৰাজ্যৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবলৈ আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে নগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, দৰং আদি জিলাৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলৰ থলুৱা লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হ’ব। অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে অসম আন্দোলনৰ পৰাই দাবী উত্থাপন হৈ আহিছিল বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে।
মন্ত্ৰীসভাৰ বৈঠকত সৰুসজাই ক্রীড়া প্ৰকল্প, এছ আই আৰ ডি আৰু মঙলদৈ ষ্টেডিয়ামৰ নাম সলনিতো অনুমোদন জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি সৰুসজাই ক্ৰীড়া প্রকল্প অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামকৰণ কৰা হ’ব। সেইদৰে এছ আই আৰ ডিৰ নাম গোলাপ বৰবৰা আৰু মঙলদৈ ষ্টেডিয়ামৰ নাম শেষৰজন দৰঙী ৰজা ধৰ্ম নাৰায়ণৰ নামেৰে জনা যাব৷

অধিক পঢ়ক

সকলো চাওক