নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছ আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক আদৰণি জনায় সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰনধীৰ জয়ছোৱালে কয়, যে নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ সম্পৰ্কৰ্ক প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয়, যে এই ভ্রমণে দুয়োখন দেশৰ আন্তৰিক আৰু বন্ধুত্বপূর্ণ সম্পৰ্কক অধিক শক্তিশালী কৰিব। এই ভ্ৰমণকালত উপ-প্রধানমন্ত্ৰী শ্ৰী পিটাৰ্ছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ কৰিব।
Site Admin | May 29, 2025 9:30 PM | Akashvani | Akashvani News | India newzeland
দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছ
