ডাউনলোড
মোবাইল এপ

android apple
signal

দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহত উপস্থিত হ’ব। এয়া হ’ব বিগত চাৰি দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম জেদ্দাহ ভ্রমণ। এই ভ্রমণে ভাৰত আৰু ছৌডি আৰবৰ মাজৰ সম্বন্ধৰ অভূতপূৰ্ব পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। এইবাৰৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো, পূৰ্বৰ ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ ছৌডি আৰব ভ্ৰমণ ৰিয়াধলৈকে সীমিত আছিল। ইয়াৰ পূৰ্বে ১৯৮২ চনত ইন্দিৰা গান্ধীয়ে জেদ্দাহ ভ্ৰমণ কৰিছিল। বৰ্তমান জেদ্দা ছৌডি আৰবৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ। লোহিত সাগৰৰ পাৰৰ হেজাজ অঞ্চলত অৱস্থিত। এই চহৰখন এটা গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ। ইয়াক মুছলমানসকলৰ পৱিত্ৰ চহৰ মক্কা আৰু মদিনাৰ প্ৰৱেশদ্বাৰ বুলি গণ্য কৰা হয়। ভাৰতৰ স্বাধীনতাৰ পাছতে ১৯৪৭ চনত দুয়োখন দেশৰ মাজত আনুষ্ঠানিকভাৱে স্থাপন হোৱা কূটনৈতিক সম্পর্কই ৭৮ বছৰজোৰা ইতিহাসত ভালেমান গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। আঞ্চলিক সুস্থিৰতা, শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত বৰ্ধিত পাৰস্পৰিক স্বার্থক প্রতিফলিত কৰি দুয়োখন দেশে ২০১০ চনত তেওঁলোকৰ সম্পৰ্ক কৌশলগত সহযোগিতালৈ উন্নীত কৰিছে। ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ছৌডি আৰব ভ্ৰমণ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ গুৰুত্বপূৰ্ণ ক্ষণ ৰূপে পৰিগণিত হৈছে। এই ভ্ৰমণ কালত ৰজা ছলমানে প্রধানমন্ত্রী মোদীক ছৌডি আৰবৰ সৰ্বোচ্চ অসামৰিক সন্মান কিং আব্দুলআজিজ ছেইছেৰে সন্মানিত কৰিছিল। এই ভ্রমণে ৰাজনৈতিক, অর্থনৈতিক সুৰক্ষা আৰু প্ৰতিৰক্ষা খণ্ডত সহযোগিতাৰ বাবে উন্নত পৰিকাঠামো গঢ়ি তোলাত সহায় কৰিছিল।

অধিক পঢ়ক

সকলো চাওক