ডাউনলোড
মোবাইল এপ

android apple
signal

February 7, 2025 11:13 AM | HC Decision

printer

দীপৰ বিলৰ সকলো খনন আৰু নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলৰ সকলো খনন আৰু নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে জলাশয়টোৰ সীমা সম্পূৰ্ণকৈ নিৰ্ধাৰণ নোহোৱালৈকে অঞ্চলটোত সকলো ধৰণৰ খনন আৰু নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ৰামচৰ চাইট হিচাপে পৰিচিত দীপৰ বিলৰ সংৰক্ষণ আৰু সুৰক্ষাৰ স্বাৰ্থত এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। উল্লেখযোগ্য যে এগৰাকী ব্যক্তিয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ভিত্তিতে ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নির্দেশ দিয়ে। আবেদনখনত দীপৰ বিলৰ চাৰিসীমা নিৰ্ধাৰণ কৰাৰ লগতে জলাশয়টোৰ সমীপত থকা ডাম্পিং গ্রাউণ্ডৰ বিষয়টো উত্থাপন কৰা হৈছে। যোৱা ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে দেশৰ আৰ্দ্ৰভূমি সংৰক্ষণ সন্দৰ্ভত গ্ৰহণ কৰা এটা শুনানিত ৰামচৰ চাইট হিচাপে পৰিচিত দেশৰ সকলো জলাশয়ৰ সীমা নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিছিল।

অধিক পঢ়ক

সকলো চাওক