ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লীত ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় লোকসকলক দেশত নির্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি এইসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে দেশে চক্ৰধাৰী মোহনৰ লেখিয়াকৈ একে উৎসাহেৰে ভাৰতক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ লগতে ভাৰতক এখন স্ব-নিৰ্ভৰযোগ্য দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। তেওঁ লগতে কয়, যে সামগ্রী আৰু সেৱাকৰ ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে অনাগত সময়ছোৱাত সমগ্ৰ দেশৰ নাগৰিকসকলক লাভান্বিত কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীমোদীয়ে কয়, যে দ্বাৰকা এক্সপ্ৰেছৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পৰ্য্যায়ৰ উদ্বোধনৰ জৰিয়তে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত সংযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি ঘটিব। ইয়াৰ জৰিয়তে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ নাগৰিকসকল বহুলভাৱে উপকৃত হ’ব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ জনায়, যে বৰ্তমানৰ চৰকাৰখনৰ বাবে সংস্কাৰৰ অৰ্থ হৈছে, সকলো নাগৰিককে সামৰি দেশৰ উন্নতিৰ দিশে আগবঢ়া। দেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ প্ৰণালী সুচল কৰাৰ বাবে এই চৰকাৰখন বদ্ধপৰিকৰ বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কেতবোৰ লক্ষ্য আগত ৰাখিহে প্ৰতিটো নীতিৰ নিৰ্ধাৰণ আৰু প্ৰতিটো সিদ্ধান্ত গ্রহণ কৰা হয় বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সমগ্ৰ দিল্লীবাসীৰ হৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি উদ্বোধন কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লগতে কম সময়ৰ ভিতৰত দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ যান-জঁটৰ সমস্যাৰ সমাধান কৰা। ১০.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বাৰকা এক্সপ্ৰেছৰ দিল্লী খণ্ডৰ নিৰ্মাণত ৫ হাজাৰ তিনিশ কোটি টকা ব্যয় হ’ব। এই খণ্ডই য়শোভূমি, ডি এম আৰ চি ব্লু এণ্ড অৰেঞ্জ লাইনছ, নির্মাণ হ’বলগীয়া বিজুৱাচন ৰে’লৱে ষ্টেচন আৰু দ্বাৰকাৰ বাছ আস্থানক সামৰি ল’ব। প্ৰায় ৫ হাজাৰ ৫৮০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা আলীপুৰৰ পৰা বাহাদুৰ্গড় আৰু ছোনীপাতৰ নতুন সংযোগী পথ দুটাই দিল্লীৰ ভিতৰ আৰু বাহিৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ লগতে ব্যস্ততাপূর্ণ মুকাৰ্বা চ’ক, ধৌলা কুঁৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ যান-জঁটৰ সমস্যা লাঘৱ কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।