ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটেলমেন্ট ট্রাষ্ট গান্ধী ডেভেলপমেন্ট ট্রাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনির্মিত সামগ্রী তথা বিভিন্ন নথি অৰ্পন

দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটেলমেন্ট ট্রাষ্ট গান্ধী ডেভেলপমেন্ট ট্রাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনির্মিত সামগ্রী তথা বিভিন্ন নথি অৰ্পন কৰাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ উপস্থিত থাকে। ড০ জয়শংকৰে এটা বাৰ্তাৰ জৰিয়তে কয়, যে মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শই ভৱিষ্যত প্রজন্মসমূহকো অনুপ্রাণিত কৰি ৰাখিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মহাত্মা গান্ধীয়ে নিজ হাতে বোৱা কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক হস্তান্তৰ কৰা হৈছে। মহাত্মা গান্ধী ১৮৯৩ চনত দক্ষিণ আফ্ৰিকাত উপস্থিত হোৱাৰ পাছত বহুদিন ডাৰবানত থকাৰ লগতে ১৯০৪ চনত ফিনিক্স ছেটেলমেন্ট নামৰ সংস্থাটো স্থাপন কৰিছিল। দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ সৈতে মহাত্মা গান্ধীৰ জীৱন আৰু ঐতিহ্য সংপৃক্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত গান্ধী ডেভেলপমেণ্ট ট্রাষ্ট আৰু ফিনিক্স ছেটেলমেন্ট ট্রাষ্টে মহাত্মা গান্ধীৰ পৰিয়ালৰ কিছু সামগ্রী ভাৰতক প্রত্যার্পন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।