ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ত্রিদেশীয় মহিলা এদিনীয়া ক্ৰিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাক ২৩ ৰানত পৰাস্ত ভাৰতৰ; ফাইনেলত ভাৰত-শ্ৰীলংকা

ভাৰতৰ মহিলা ক্রিকেট দলে দক্ষিণ আফ্ৰিকাক ২৩ ৰানত পৰাস্ত কৰি চলিত ত্রিদেশীয় এদিনীয়া শৃংখলাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটত ৩৩৭ ৰান কৰে। জেমিমা ৰড্ৰিগেছে সৰ্বাধিক ১২৩ আৰু দীপ্তি শৰ্মাই ৯৩ ৰান কৰে৷ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এটা সময়ত জয়ৰ সম্ভাৱনা জগাই তুলিলেও নিৰ্ধাৰিত অভাৰত ৭ উইকেটত ৩১৪ ৰানতে থমকি ৰয়। ভাৰতৰ জেমিমা ৰড্রিগেছলৈ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। ভাৰতে এতিয়া শৃংখলা দখলৰ যুঁজত অহা দেওবাৰে আয়োজক শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।