ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 5, 2024 12:19 PM | Goyal- Drones

printer

ড্রোণ প্ৰযুক্তিৰ বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি পীযুষ গোয়েলৰ মন্তব্য

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে কালি কয় যে, ভাৰতৰ বিকাশত, বিশেষকৈ কৃষি আৰু বতৰ নিৰীক্ষণত ড্রোণে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে। নতুন দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱন সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী গোয়েলে ড্রোণ প্ৰযুক্তিৰ বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে। ড্রোণ খণ্ডৰ স্বাৱলম্বিতা সুনিশ্চিত কৰিবলৈ চৰকাৰে উদ্যোগসমূহক সমৰ্থন আৰু প্ৰয়োজনীয় সাহাৰ্য প্ৰদান কৰিবলৈ সাজু আছে বুলিও তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে তৃতীয়টো কাৰ্যকালৰ ভিতৰতে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হিচাপে বিকশাই তুলিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বিষয়েও প্রকাশ কৰে। উদ্ভাৱন আৰু প্ৰযুক্তিখণ্ডত, বিশেষকৈ ড্রোণ খণ্ডত চৰকাৰৰ সঁহাৰিয়ে কেৱল বিভিন্ন উদ্যোগক সহায় কৰাই নহয় বৰং ভাৰতৰ অৰ্থনৈতিক বিকাশো ত্বৰান্বিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে চৰকাৰে আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰতো চকুত লগা ধৰণে বিনিয়োগ কৰিছে আৰু ই দেশৰ অৰ্থনীতিত ইতিবাচক প্রভাব পেলাব বুলি আশা কৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।