ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত অধিক বিত্তীয় সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ

ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহে বিশেষকৈ ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ মাজত অধিক বিত্তীয় সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ চতুৰ্থ সংখ্যক ভাৰত-মধ্য এছিয়া সন্মিলনৰ যৌথ বিবৃতিত ৰাষ্ট্ৰসমূহে বাণিজ্য, বিনিয়োগ, পৰ্যটনৰ দৰে ক্ষেত্ৰসমূহক উৎসাহিত কৰিবলৈ বেংকৰ লেনদেন আৰু ৰাষ্ট্ৰীয় মুদ্ৰাত বাণিজ্য বৃদ্ধিৰ আহ্বান জনায়। দেশকেইখনে বিত্তীয় আৰু বেংকিং সংযোগিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু মধ্য এছিয়াৰ অংশীদাৰসকলৰ মাজত বেংকিং আৰু বিত্তীয় সংযোগ আৰু অধিক গভীৰ কৰাৰ উপায় অন্বেষণ কৰিবলৈ যৌথ কৰ্মগোট গঠনৰ বাবেও আগ্রহ প্রকাশ কৰে। কালি নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অধ্যক্ষতাত ভাৰত-মধ্য এছিয়া সন্মিলনৰ বৈঠক অনুষ্ঠিত হয়। কাজাখাস্তান, কির্গিজ, তাজিকিস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীসকলে পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক গৰিহণা দিয়ে। সন্ত্রাসবাদ প্রতিহত কৰাৰ বাবে তেওঁলোকে দৃঢ় দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰে।