কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া সেনবাহিনীক সহায় কৰিবলৈ, অত্যাৱশ্যকীয় প্ৰহৰীৰ ব্যৱস্থা কৰিবলৈ আৰু পৰিপূৰক কাম কৰিবলৈ টেৰিটৰিয়েল আৰ্মীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মী মাতি পঠিয়াবলৈ সেনাবাহিনীৰ মুৰববীক ক্ষমতা প্ৰদান কৰিছে। ১৯৪৮ চনৰ টেৰিটৰিয়েল আৰ্মীৰ শাসনৰ অধীনত সেনা প্রধানক এই ক্ষমতা প্ৰদান কৰা হৈছে। এই আদেশ ২০২৮ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে অর্থাৎ তিনি বছৰৰ বাবে বলবৎ হ’ব। অধিসূচনাযোগে প্ৰতিৰক্ষা মন্ত্ৰালয়ে টেৰিটৰিয়েল আৰ্মীৰ বৰ্তমানৰ ৩২টা ইনফেন্ট্রি বেটেলিয়নৰ ভিতৰত ১৪টা ইনফেন্ট্রি বেটেলিয়নক ছাউথার্ণ কমাণ্ড, নাডার্ণ কমাণ্ড, ছাউথ ৱেষ্টার্ণ কমাণ্ড, আন্দামান আৰু নিকোবৰ কমাণ্ড আৰু আৰ্মী ট্ৰেইনিং কমাণ্ড অঞ্চলত নিয়োজিত কৰিছে।
Site Admin | May 9, 2025 8:35 PM | Territorial Army
টেৰিটৰিয়েল আৰ্মীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মীক আনিবলৈ সেনাবাহিনীৰ মুৰব্বীক ক্ষমতা প্ৰদান
