জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম, প্ৰতিমাৰ খনিকৰ অভিধাৰে বিভূষিত কবি চন্দ্ৰ কুমাৰ আগৰৱালাৰ পূণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমীয়া সাহিত্যত যুগৰ সূচনাকাৰী জোনাকী আলোচনীৰ প্ৰথমগৰাকী সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আগৰৱালাৰ জোনাকী কাকতত প্ৰকাশিত বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। প্ৰতিমা আৰু বীণ বৰাগী কাব্য সংকলনেৰে অসমীয়া সাহিত্যক সমৃদ্ধি কৰি যোৱা আগৰৱালাৰ পূণ্য তিথি উপলক্ষে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। এই উপলক্ষে দিয়া এটা বার্তাত মুখ্যমন্ত্ৰীয়ে কবি লেখক চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতাসমূহ অসমীয়া কাব্য জগতৰ অমূল্য ৰত্নসদৃশ বুলি মন্তব্য কৰে। ১৯৩৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীত আগৰৱালাৰ দেহাৱসান ঘটিছিল।
Site Admin | March 2, 2025 9:02 PM | Chandra Kumar Aagarwala
জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰ কুমাৰ আগৰৱালাৰ পূণ্যতিথিত ৰাজ্যবাসীৰ শ্ৰদ্ধা নিবেদন
