জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। কবিতাৰ লগতে গীত, উপন্যাস, সমালোচনা সাহিত্য, অনুবাদ, ৰম্য ৰচনাকে ধৰি কেইবাটাও শিতানত সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা সাহিত্যিকগৰাকীৰ উচ্চ মানসম্পন্ন সৃষ্টিসমূহে পঢ়ুৱৈক আলোড়িত কৰে। চতুর্থ দশকতে কবিতাৰে সাহিত্যিক জীৱনৰ পাতনি মেলা বৰুৱাৰ কবিতাৰ সংখ্যা তাকৰ যদিও ব্ৰহ্মপুত্ৰ, চেনৰ পাৰত, জেংৰাই–১৯৬৩ কে ধৰি কবিতাসমূহে অসমীয়া কাব্যক্ষেত্ৰত তেওঁক সু-উচ্চ স্থানত অধিষ্ঠিত কৰি ৰাখিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক অজিত বৰুৱাৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিয়া এটা বাৰ্তাত কবিতাৰ মাজেৰে সমাজ আৰু মানৱতাৰ কথা কোৱা প্ৰসিদ্ধ কবিগৰাকী অসমৰ সাহিত্য আকাশৰ উজ্জ্বল ভোটাতৰা বুলি অভিহিত কৰে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সাহিত্যিক আৰু স্বাধীনতা সংগ্রামী বৰুৱাৰ পূণ্যতিথিত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কবি সাহিত্যিকগৰাকীৰ অৱদান অসমৰ প্ৰতিটো প্ৰজন্মৰ বাবে পাথেয় হৈ ৰ’ব বুলি উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।