ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্তৰ বাবে সাজু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে মূলত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য আৰু পৰিস্থিতি সম্পৰ্কীয় ৪ টা বিষয়ক তদন্তত সামৰি ল’ব। আয়োগে ছিংগাপুৰত ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ সকলোবোৰ পৰিঘটনাৰ ক্রম নির্ণয় কৰিব। তদুপৰি তদন্তত ৰৈ যোৱা সকলো ত্রুটি পৰীক্ষা কৰিব। ন্যায়িক আয়োগৰ আইনী সহযোগিতাৰ বাবে চাৰিজন অধিবক্তাক নিযুক্তি দিয়াৰ উপৰি অসম অসামৰিক সেৱাৰ বিষয়া অৰূপ পাঠকক আয়োগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কোনো ব্যক্তি বিশেষ বা অনুষ্ঠানে অভিযোগ বা তথ্য অৱগত কৰিব বিচাৰিলে ন’টাৰী কৰি প্ৰত্যায়িত শপতনামা আকাৰেহে আয়োগক জবানবন্দী দাখিল কৰিব লাগিব। অহা ৩ৰ পৰা ২১ নৱেম্বৰলৈ গুৱাহাটীৰ চানমাৰিৰ অসম খাদী আৰু গ্রামোদ্যোগ পৰিষদৰ চৌহদত থকা ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়া আয়োগৰ কাৰ্যালয়ত শপতনামা দাখিল কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।