ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জীৱ-জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ’ব পৰা ৰোগৰ সমাধানৰ বাবে ভাৰতে আন্তঃমন্ত্ৰালয় বৈজ্ঞানিক অধ্যয়নৰ আৰম্ভ কৰিব

ভাৰতে মানৱ, বন্যপ্ৰাণী আৰু পৰিবেশৰ সংযোগস্থলীত জীৱ-জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ’ব পৰা ৰোগৰ সমাধানৰ বাবে এটা আন্তঃমন্ত্ৰালয় বৈজ্ঞানিক অধ্যয়নৰ আৰম্ভ কৰিব। ছিকিম, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ নিৰ্বাচিত পক্ষী অভয়াৰণ্য আৰু জলাশয়ত এই অধ্যয়ন কৰা হ’ব। মানুহ আৰু পৰিভ্ৰমী চৰাই উভয়ৰে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে এই বৈজ্ঞানিক অধ্যয়নৰ সহায় লোৱা হ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি এই গৱেষণাৰ জৰিয়তে পক্ষী অভয়াৰণ্যত কৰ্মৰত আৰু অভয়াৰণ্যৰ ওচৰৰ বাসিন্দাসকলৰ সম্ভাৱ্য সংক্ৰমিত ৰোগ ধৰা পেলোৱা আৰু চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নতুন দিল্লীস্থিত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি বৈজ্ঞানিক অধ্যয়ন আৰম্ভ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।