November 18, 2024 8:19 PM | Archery

printer

জি টি অ’পেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামৰ সোণৰ পদক অৰ্জন

এছিয়ান গেমছ ছেম্পিয়নত ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামে লাক্সেমবার্গত অৱস্থিত জি টি অ’পেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত সোণৰ পদক অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে জি টি অপেনত অংশগ্ৰহণ কৰি জ্যোতিয়ে উন্নত মানৰ প্ৰদৰ্শনেৰে কালি বেলজিয়ামৰ ছাৰাহ প্ৰিল্‌ছক ১৪৭-১৪৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। ইফালে, পুৰুষৰ কম্পাউণ্ড শাখাত ভাৰতৰ অভিষেকে ৰূপৰ পদক দখল কৰিছে। নেদাৰলেণ্ডছৰ মাইক শ্ল ছাৰে অভিষেকক অতি কম ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।