জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ’ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে আজি আই আই টি গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত এই দলটোৱে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আৰু জাপান চৰকাৰৰ উদ্যোগত শীঘ্ৰেই যুৱক-যুৱতীসকলক জাপানীজ ভাষাৰ লগতে বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি মত পোষণ কৰে। ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীয়ে জাপানত কৰ্মসংস্থাপন লাভ কৰিব পাৰিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আশা ব্যক্ত কৰে। উল্লেখযোগ্য যে দলটোৱে কালি অসমত উপস্থিত হোৱাৰ পাছতে বিধানসভাত জাপানৰ প্ৰতিনিধিৰ দলটোৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জাপানৰ এই দলটোক আদৰণি জনাই কয়, যে এই ভ্রমণে অসম আৰু জাপানৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি জাপানী কোম্পানীসমূহক অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগ কৰাৰ প্ৰতি উৎসাহিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয়, যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত জাপানৰ সৈতে সহযোগিতাৰ বাবে লোৱা পদক্ষেপক দলটোৰ এই ভ্রমণে নতুন গতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে জাপানৰ নিম্ন সদনৰ অধ্যক্ষগৰাকীক কালি অসমৰ ব্যৱসায়িক তথা ঔদ্যোগিক পৰিৱেশৰ বিষয়ে অৱগত কৰে। দলটোৱে আজি জাগীৰোডত নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলীও পৰিদৰ্শন কৰে। অসমত বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে। জাপানৰ নিম্ন সদনৰ অধ্যক্ষসহ প্ৰতিনিধিৰ দলটো কাইলৈ অসমৰ পৰা উভতি যাব।
Site Admin | May 4, 2025 7:03 PM | Japan Delegation in Assam
জাপানৰ প্ৰতিনিধি দলৰ আই আই টি গুৱাহাটীত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন
